Neptune
New member
You must be registered to view images
বিশ্ব দৰবাৰত পুনৰ অসমৰ নাম উজ্বলাই ইতিহাস ৰচিলে অসম সন্তানে। ৩১ ঘণ্টাত ইংলিচ চেনেল সাতুঁৰি বিশ্বত অসমৰ নাম জিলিকালে ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই। সাতোঁৰবিদ এলভিছ আলী হাজৰিকাই ইংলিচ চেনেল ইপাৰ সিপাৰ সাতুৰি পাৰ হৈ প্ৰথমজন অসমীয়া হোৱাৰ কৃতিত্ব অৰ্জন কৰে। এলভিছ আলী হাজৰিকাই ইংলিছ চেনেলৰ ইংলেণ্ডৰ ছেম্ফায়াৰ আৰু ফ্ৰান্সৰ কেলিছৰ মাজৰ ইপাৰ সিপাৰৰ মুঠ ৭৮ কিলোমিটাৰ দূৰত্ব ৩১ ঘণ্টাত সাতুঁৰি পাৰ হৈ অসম তথা দেশলৈ আনে গৌৰৱ। সাতোঁৰবিদগৰাকীৰ সফলতাই আজি প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰিছে।
উল্লেখ্য যে, এলভিছ আলী হাজৰিকাই ইয়াৰ পূৰ্বে ২০১৯ চনত কাটালানা চেনেল আৰু ২০২২ চনত নৰ্থ চেনেল সফলতাৰে সাতুঁৰি পাৰ হৈছিল। অসমৰ খেল জগতত সৰুৰে পৰা সাতোঁৰ প্ৰতিযোগিতাত অভিলেখ সংখ্যক ১৩৪ টা স্বৰ্ণ পদক দখল কৰা একমাত্ৰ খেলুৱৈ এলভিছ আলী হাজৰিকা।
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুইটাৰযোগে এলভিছৰ ফটো শ্বেয়াৰ কৰি বিশেষ অভিনন্দন জ্ঞাপন কৰে। লগতে এলভিছ আলি হাজৰিকাও সামাজিক মাধ্যমযোগে তেখেতৰ এই সফলতাৰ অনুভৱ ব্যক্ত কৰে। বিশেষকৈ, জেলিফিছ, ডলফিন, চীল, লুণীয়া পানী আৰু প্ৰচণ্ড সোঁতৰ প্ৰত্যাহ্বান নেওচি দীৰ্ঘদিনীয়া সপোন বাস্তৱায়িত হোৱাৰ অভিজ্ঞতা উল্লেখ কৰে।
Tags:
You must be registered to view links
,
You must be registered to view links
,
You must be registered to view links
,
You must be registered to view links
,
You must be registered to view links