You must be registered to view attachments
আলো মঞি কি কহবো দুখ
পৰাণ নিগৰে না দেখিয়া চান্দমুখ ...”
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোচবেহাৰৰ ৰজা নৰনাৰায়ণক শৰণ নিদি ১৪৯০ শকৰ ভাদৰ শুক্লা দ্বিতীয়া তিথিত দিনৰ ডেৰ প্ৰহৰত নশ্বৰদেহ এৰি বৈকুণ্ঠধামলৈ গতি কৰে । গুৰুজনা চলাৰ কথা জানি নৰনাৰায়ণ ৰজাই অত্যন্ত দুখ প্ৰকাশ কৰি ৰাজভঁৰালৰ পৰা বিস্তৰ ঘিউ, চন্দন আৰু অগৰু কাঠ গুৰুজনাৰ শৱ দাহৰ বাবে পঠিয়াই নিজে খালি ভৰিৰেই ভাতৃ চিলাৰায়ৰ লগত আহি গুৰুজনাৰ পাৱত পৰি কান্দিবলৈ ধৰে ।
পাছত সেৱকসকলে শ্ৰীমন্ত শংকৰদেৱৰ শৱ মহাসমাৰোহৰ সৈতে লৈ গৈ টোৰোচা নদীৰ কাকতকুটা ঘাটৰ পাৰত আমকাঠেৰে চিতা প্ৰস্তুত কৰি তাত স্থাপন কৰে । আৰু বৰপুত্ৰ ৰামানন্দই মুখাগ্নি কৰে ।
শংকৰদেৱৰ শৱৰ সৎকাৰ কৰাৰ অন্তত নৰনাৰায়ণ ৰজাই দূত পঠিয়াই ৰামানন্দক কোৱালে যে , " মই সকলো দ্ৰব্য - বস্তু দিওঁ , গুৰুজনাৰ শ্ৰাদ্ধবিধি ইয়াতে কৰি তুমি পাছত ঘৰলৈ যাবা । " কিন্তু ৰামানন্দই বোলে " আমাৰ ইয়াত কোনো জাতি - কুটুম্ব নাই , কেনেকৈ শ্ৰাদ্ধাদি কৰা হ'ব ! মহাৰাজে অনুগ্ৰহ কৰি মোক সোনকালে নৌকা দিয়ক । মই পাটবাউসীলৈ গৈ তাত পিতৃদেৱৰ শ্ৰাদ্ধাদি কাৰ্য সমাপন কৰোঁ। বিশেষকৈ তাত পিতৃদেৱৰ প্ৰধান শিষ্য মাধৱদেৱ আছে , সেয়েহে তালৈ যাবলৈ মোক এতিয়াই অনুমতি দিয়ক । " ৰামানন্দৰ এই প্ৰাৰ্থনা দূতৰ মুখেৰে জ্ঞাত হৈ নৰনাৰায়ণ ৰজাই তেতিয়াই খেলনাও পঠিয়াই দিয়াত ৰামানন্দই পাটবাউসীলৈ বুলি কোচবেহাৰৰ পৰা বিদায় লয় ।
গুৰুজনাই পুত্ৰ ৰামানন্দক কৈ গৈছিল -“ আমি শক্তি, ভক্তি, বল -পৰাক্ৰম বৰা পো হাতে থৈ আহিছোঁ সৱে খানি ৷ বৰা পোক শিষ্য নুবুলিবা ৷ গুৰুবোধকৈ সুধি ল’বাগৈ পাবা ৷” (কথা গুৰু চৰিত)
বৰপেটাৰ গণকুচিত ৰামানন্দই চোট আতা মাধৱ পুৰুষক লগ কৰোঁতে -' চোট আতা উঠি আথেবেথে ওলাই দেখে মাথে পথালি গামোচা ৷ বোলে ৰমানন্দ , মোৰ গুৰুজন ? বোলে বাপ সুধিব নালাগে আৰু ৷ তেহে চোট আতা গুৰুজনলৈ খেদকৈ অনেক কান্দিলে গুণ বৰ্ণাই ৷ চলাৰ ভাও সুধি সেই নৌকাতে উঠি গৈছে ৷ সেই বেলা খেদ প্ৰেমে গীত কৰিছে -
“ আলো মঞি কি কহবো দুখ
পৰাণ নিগৰে না দেখিয়া চান্দমুখ ...”
(কথা গুৰু চৰিত)
ড° বিপুল বৰুৱা
*************
গুৰুজনাৰ ৪৫৬তম তিৰোভাৱ তিথি উপলক্ষে: জাতীয় গুৰু শ্ৰীশঙ্কৰদেৱ
ৰমেশ বৰুৱা
মহীয়ান সমাজ সংস্কাৰক, আলোড়নকাৰী সংস্কৃতিবিদ আৰু মানৱ জীৱনৰ ৰূপকাৰ শ্ৰীশঙ্কৰদেৱ গুৰুজনাৰ ব্যক্তিত্ব; ধাৰ্মিক, সামাজিক আৰু ৰাজনৈতিক অৱদান সন্দৰ্ভত ইতিমধ্যে তীক্ষ্ণধী গ্ৰন্থাকাৰসকলে নিৰ্মোহ লিখনি আগবঢ়াই আলোকপাত কৰি আহিছে৷ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত, ভাষা-সাহিত্যৰ প্ৰসাৰত গুৰুজনাৰ ভূমিকাৰ অদ্বিতীয়তাৰ ওপৰত কোনো সন্দেহৰ অৱকাশ নাই৷ অসম বা ভাৰততে কিয়, সমগ্ৰ বিশ্বতে তেখেতৰ সমতুল্য সৰ্বগুণাকৰ ব্যক্তি আজিকোপতি জন্ম লাভ কৰা নাই৷ সাহিত্য কৰ্মৰ পৰিপ্ৰেক্ষিতত, শ্ৰীবিষ্ণুৰ দশৱতাৰৰ গুণ গৰিমাতকৈও এখোপ ওপৰৰ শক্তিৰে তেখেত এগৰাকী মহামানৱ আছিল, ঐশ্বৰিক গুণেৰে গুণী পৰম সাধক আছিল৷
অনেকৰ পৰিবৰ্তে এক ঈশ্বৰৰ উপাসনা - এনেএটা সহজসৰল পদ্ধতিৰ শুভ উদ্ধোধক হিচাপে তেখেতক মানৱ জাতিৰ গুৰু হিচাপে বিনাদ্বিধাই অভিহিত কৰিব পাৰি৷ সেইসূত্ৰে তেখেত মানৱ জাতিৰ বিশ্বগুৰু৷
মধ্যযুগৰ অমানবীয়তা, ৰজাৰ অপশাসন, আৰ্য্য পুৰোহিত শ্ৰেণীৰ স্বাৰ্থপৰ শোষণত বিধস্ত হৈ পৰা তেতিয়াৰ অসমীয়া সমাজক সংগঠিত কৰি সমগ্ৰ মানৱ জাতিক মুক্তিৰ পথ দেখুৱাইছিল; আত্মনিৰ্ভৰশীল হৈ জীৱনশৈলীত আগুৱাই যোৱাৰ পূৰ্ণোদ্যম যোগাইছিল৷ গুৰুজনাৰ আদৰ্শ মাথো এক বিশেষ শ্ৰেণীৰ ধৰ্ম নহয়, ই সমগ্ৰ মানৱজাতিৰ বাবে এক প্ৰণালী বা পদ্ধতি : সহাৱস্থানমূলক সম্পৰ্কৰ মাজেৰে একগোট হৈ জীয়াই থকাৰ এক সু- সংগঠিত ব্যৱস্থা৷
ধৰ্মৰ মাৰ্গ দৰ্শনৰ জৰিয়তে মানৱ জাতিক সত্য আৰু শুদ্ধ পথৰ সন্ধান দিবলৈ কায়মনোবাক্যে কৰা আশাশুধীয়া প্ৰচেষ্টাৰ শ শ বছৰৰ পাছতো অসমৰ মহীয়ান গুৰুজনাক বিশ্বগুৰুৰ স্হান দিবলৈ অহোপুৰুষাৰ্থ কৰাৰ পৰিবৰ্তে, অসমীয়া সকলৰ মাজতে খোৱাকামোৰা কৰি, জাতিভেদৰ সৃষ্টি কৰি মানৱীয় মূল্যবোধৰ অভাবনীয় অবক্ষয়ৰ সূচনা কৰাটো জলজলপটপটকৈ পৰিলক্ষিত হৈছে৷ ই অত্যন্ত দূৰ্ভাগ্যজনক৷
জাতি বৰ্ণ ধৰ্ম ধনীদুখীয়া নিৰ্বিশেষে আমি সকলো এক হৈ মহামান্য মহামানৱ জনাৰ মানৱীয় আদৰ্শক অসম বা ভাৰততে নহয়, সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ মাজত একচেটিয়া ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে বদ্ধপৰিকৰ হ’বৰ হ’ল৷ ইয়াৰ বাবে ভাতৃত্ববোধ হ’ব লাগিব আমাৰ মূলধন; গুৰুজনাৰ জাতিভেদ আৰু অস্পৃশ্যতা দূৰীকৰণৰ মূলমন্ত্ৰক সাৰোগত কৰি, মানৱতাবোধৰ প্ৰমূল্যৰ মানৱতাবাদী সমাজ এখন প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা প্ৰতিজন অসমীয়াই কৰা উচিত৷ এই ক্ষেত্ৰত শ্ৰীশঙ্কৰদেৱ সঙ্ঘই আগভাগ ল’ব বুলি একান্তই আশা কৰি হাত কৰযোৰে আবেদন নিবেদন কৰিলো৷
******